Sunday 22 July 2018

তেতেলিগুৰি: দিহিংমুখ (শিৱসাগৰ): মোডী মামাৰ #AcheDinৰ গাড়ীৰ অপেক্ষাত

"Many of our own people here in this country do not ask about computers, telephones and television sets. They ask-when will we get a road to our village"-Thabo Mbeki

দিহিংমুখ 37 নং ৰাষ্ট্ৰীয় পথৰ পৰা (ডিমৌ, শিৱসাগৰ) মাত্র 20 কি.মি. দূৰৈত অৱস্থিত এখন গাওঁ। মোৰ মামা ঘৰ তাতে, মই মোৰ জীৱনৰ বহুত সময় আৰু বাল্যকাল প্ৰায় তাতে পাৰ কৰিছিলোঁ। আজিও এই ঠাইখন উত্তম গাখীৰ আৰু মাছৰ কাৰণে জনাজাত, সেই আপুনি খোৱা গেলা মাছ নহয়, উত্তম মাছ (ৰিঠা মাছৰ নাম শুনিছেনে?, #Google খুৰাইও বিচাৰি নাপাই, দিহিংমুখতে পোৱা যায়) 

আজিও এই ঠাই খনত বাৰিষা কালত যাবলৈ হলে, আপোনাৰ Redchief ৰ জোতা বোৰ খোলাই ভাল হব, নহলে জানেই নহয়, ভৰি পিছল খালে...গানটো, কেতিয়াবা মথাউৰিৰ তললৈ যাব পাৰে। ,শেষৰ 7-8 কিঃমিঃ মথাউৰিৰ ৰাস্তা পকীকৰণ হোৱা নাই, শিল বালিও নাই। বাৰিষা কালত বিদ্যুতৰ প্রায় লুকা ভাকু, কেতিয়াবা Power Bank বা Inverter ও উপায় নাপাই..আপুনি চাগে বুজি পাইছে এই 70 বছৰ আমাৰ দেশ স্বাধীনতাৰ পাছতো এনে অৱস্থাত বহুত গাঁৱ আছে, বেয়া নাপাব..এয়াই Hash tag #AwesomeAssam 

গাওঁৰ প্ৰায় মানুহ শিক্ষিত হৈছে তথাপিও গাওঁৰ ৰাস্তা আজিও একে অৱস্থাত আছে, বহুত ঘৰবোৰ গাওঁৰ পৰা অসমৰ অন্য ঠাইলৈ স্থানন্তৰ হৈছে অথবা হবলৈ যো যাৰ কৰি থৈছে, মই নিজেও কৰ্মসূত্ৰে অসমৰ বাহিৰত থকাৰ কাৰণে বছৰত এবাৰ মাত্ৰ যোৱা হয়। ৰাজনৈতিক নেতা পাঁচ বছৰত এবাৰ যায়, ভোট খোজাৰ সময়ত। বেছিভাগ গাওঁৰ লোক খেতি অথবা গাই-মহ খুটি কৰি জীৱন যাপন কৰে, কিছু মানুহৰ শিক্ষকৰ চাকৰি, কিছু অধ্যাপকো হল, ঠিক ঠাক শৈক্ষিক পৰিবেশ থকাৰ পাছতো..20-25 বছৰৰ পাছত...দেশখন বহুত আগুৱাই গল..গাওঁ খনত বহুত মানুহে পকীঘৰ ও বনালে, কিছু মানুহে বাইক-গাডীও ললে, কিন্তু বতৰ চাই  হে চলাব পাৰি...পিছে গাওঁ খনৰ ৰাস্তা একেই থাকিল......
কিন্তু, আজিকালি যেতিয়াই যাওঁ গাওঁৰ তেনে অৱস্থা দেখি মনত দুখ নালাগে, ভাৱ হয় ঠিকে আছে। কৰ্মসূত্ৰে বাহিৰত থাকোঁ, দেখিছোঁ নহয় সেই মুম্বাইৰ অৱস্থা, গুড়গাওঁৰ তপত ঘৰবিলাক, যাক বেছি জ্ঞানী মানুহে অপাৰ্টমেণ্ট বুলি কয়, দিল্লীৰ সেই গাড়ীৰ পৰা ওলোৱা ধোঁৱাৰ অক্সিজেন...চব এই বিলাক #Development ককাইৰ #AcheDinৰ সাফল্য, মনটোক সান্তনা দিছোঁ আৰু...!

কিন্তু আজিও দিহিংমুখ গাঁও খনত সেই নিজান নিৰিবিলি পৰিবেশ বিৰাজমান। সুন্দৰ বতাহ, অতি পুষ্টিকৰ খাদ্য খাবলৈ পাওঁ, মুক্ত আকাশ.. মথাউৰিৰ সিপাৰে ধুনীয়াকৈ দিহিং নদী বৈ গৈছে...খাদ্যবোৰ #SuperOrganic দিল্লী -বাংগালোৰৰ মানুহে ভাবিবই নোৱাৰে...এনে সুন্দৰ ঠাই থাকিব পাৰে। ভালে হল ভগৱানৰ কৃপাত আমাৰ মোদীৰ #Development বোলা গাড়ীখন গাওঁ খনত গৈ পোৱা নাই.. আজিও সেই সৰুকালৰ মুক্ত পৰিবেশ বিৰাজমান...

বাহিৰৰ থাকি বাৰুকৈ বুজি পাইছোঁ, সুন্দৰ -সুস্থ ভাবে জীৱন যাপন কৰা আৰু কবলৈ আৰাম ভাবে বাকচৰ ভিতৰত (#অপাৰ্টমেণ্ট) থকাৰ পাৰ্থক্য আছে। গেলা দিল্লীত খোৱা পালক-পনীৰ আৰু আমাৰ ঘৰতে বনোৱা পনীৰ + খুটিৰ পৰা অনা পালেং শাকৰ মাজত আকাশ পাতল  #Development ৰ পাৰ্থক্য আছে।

কেতিয়াবা মন যায়..দিহিংমুখ নদীৰ কাষত, মামা ঘৰৰ খুটিৰ সন্মুখতে এটা চাংঘৰ বনাই থাকিবলৈ..... #Development ককাই আপোনাৰ এলেকাত এনে ঘৰক #resort বুলি কয়, যত আপুনি এটা নিশা থাকিবলৈ 5000-6000 টকা দিয়ে।

কিন্তু কিনো আৰু আপুনি জানেই..জীৱন ককাইৰ পৰা বস্তু বিচাৰিলেই যে পোৱা নাযায় নহয়। মনে কয় দিহিংমুখ গাওঁ খনত #Development ককাই নহাই ভাল নেকি? হেৰী মই নিবিচাৰিলে হবনে? মাত্র কেইদিন মান থাকিলে ভালেই লাগে, কিন্তু মই নিজৰ মাত্ৰ ভাবিলেই হব জানো, সেই কাৰণে গাওঁৰ মানুহ বোৰৰ সৈতে কথা পাতিছিলোঁ। যোৱা মাহত মামা ঘৰ গৈছিলোঁ..গাঁওৰ বহু লোকৰ মাজত কথা পাতি গম পালোঁ...তেখেত সকল বোলে আমাৰ মোডী মামাৰ #AcheDin আৰু #Development গাড়ীৰ অপেক্ষাত ।  

ভাৱকচোন এই গাওঁ খনত বসবাস কৰা মানুহে কেনেকৈ জীৱন যাপন কৰে। আজিৰ দিনত, এই 2018 চনত এটা ভাল ৰাস্তাৰ অতি প্ৰয়োজন, পিছল মথাউৰিৰে বিদ্যালয়লৈ বা 7 কিঃমিঃ দূৰত থকা উচ্চ/উচ্চতৰ বিদ্যালয়লৈ যোৱা সাধাৰণ কথা নহয়, 6 কিঃমিঃ দূৰত থকা এটা সাধাৰণ প্ৰাথমিক চিকিৎসালৈ যোৱা আৰু বিষম। আচলতে গাওঁৰ মানুহবোৰ  বৰ সহজ সৰল, আৰু আপুনি জানেই আজিকালি সহজ সৰল হলে একো নাপাই, অসম চৰকাৰেও যেতিয়া লৈকে ধৰ্ণা বা পথ অৱৰোধ নকৰে, তেতিয়া লৈকে সমস্যাটোকলৈ কেৰেপো নকৰে। 

যেতিয়া লৈকে মোডী মামাৰ #AcheDin গাড়ী খন নাপাই গৈ.. #resort এটাই বনাও নেকি.?

Image result for thinking smiley small

কল্যান আচাৰ্য্য



No comments:

Post a Comment