Friday, 26 January 2018

জীৱন বাটত ধুমুহা

  স্বৰ্গীয় দিনানাথ আচাৰ্য্য 

হাঁহখাটি, তিনিচুকীয়া, অসম


সঁচাই জীৱন বাটত কেতিয়া ধুমুহা আহে, কোনেও কব নোৱাৰে। কেতিয়াবা ধুমুহা ডাঙৰ হয় আৰু কেতিয়াবা সৰু....সকলো ধুমুহাই আমাক জীৱন সংগ্ৰামত জীয়াই থকাৰ শক্তিক পৰীক্ষা  কৰে। আমাৰ দেউতাক () কেতিয়াও বেমাৰ হোৱা বুলি নাজানিছিলোঁ। ভাৰতীয় ডাক সেৱা বিভাগৰ পৰা অৱসৰ লোৱাৰ পাছতো, এই 67 বয়সতো তেখেত অতি সুস্থ আৰু সবল আছিল। তেওঁৰ নিজৰ সকলো কাম বা ঘৰৰ সৰুসুৰা কিছু কামো কৰিছিল। দিনটোত প্ৰায় ইস্কুটি লৈ গাওঁৰ মানুহৰ ইমূৰৰ পৰা সিমূৰলৈ সুখ দুখৰ খবৰ লৈছিল,লগতে সপ্তাহত প্ৰায় নামচাই (অৰুণাচল প্ৰদেশ) পুৰোহিত মৰ্মে গৈছিল। মাত্ৰ কেতিয়াবা নাকত খজুৱাই থাকে বুলি কৈছিল আৰু নিজে বহুত বাৰ তিনিচুকীয়া গৈ ডক্টৰৰ পৰামর্শও লৈছিল, তাৰ বাহিৰে একো নাছিল..একোৱেই নাছিল...Pressure, ডায়েবেটিচ..একোৱেই নাছিল লগতে তেখেতৰ খোৱা বোৱাও অতি ভাল আছিল। 

কিন্তু যোৱা 12 ছেপ্টেম্বৰ ৰাতিপুৱা পূজা অৰ্চনা কৰা সময়ত হঠাৎ বহাৰ পৰা উটিব নোৱাৰা হয়। লগে লগে ডিব্ৰুগড়ৰ ব্যক্তিগত নাৰ্ছিংহোমলৈ লৈ যোৱা হয়, কিন্তু অতি দুখৰ কথা যে সেই দিনা দেউতাৰ ব্ৰেইনত এক মাৰাত্মক বেমাৰ ধৰা পৰিছিল, সেইদিনা আমাৰ ঘৰৰ মানুহৰ ওপৰত ব্ৰজ পৰিছিল, সপোনতো ভবা নাছিলো এনেও কেতিয়াবা হব পাৰে, কিন্তু এয়াই জীৱন। Life doesn't care about our planned script, it follows it's own way.. তথাপিও কিবা এটা  ভগৱানৰ আশাত ট্ৰিটমেণ্টৰ কাৰনে গুড়গাঁও (দিল্লী) লৈ যোৱা হয়। প্ৰায় 12 দিনমান গুড়গাঁওত (Paras Hospital, Gurugram-Good for Neuro Related) থকাৰ পাছত, লগতে বহুতো ব্যক্তিগত নাৰ্ছিংহোমৰ ডক্টৰেৰ পৰামর্শ লোৱাৰ পাছত, কোনে ফালৰ পৰাও কিবা এটা আশা থকা পৰামৰ্শ নাপাইছিলোঁ।...উপায় নাপাই  মামা আৰু  ঘৰৰ সকলো মিলি ঘৰলৈ লৈ যোৱাৰ সিদ্ধান্ত লোৱা হৈছিল....গোটেই গুড়গাঁওত থকা সময়ত মনত আলোড়ন আৰু বিষাদেৰে ভৰি পৰিছিল। মনত দেউতাৰ কেনেকৈ কঠিন জীৱন সংগ্ৰামত নেওচি আমাক ডাঙৰ দীঘল কৰিছিল...গোটই পৰিঘটনা চিনেমাৰ নিচিনা মোৰ মনত ৰি টেলিকাষ্ট হৈছিল..প্ৰায় সকলো সময়ত অতিকৈ কষ্ট আৰু ৰিক্ত অনুভৱ  কৰিছিলোঁ। 

চেপ্টেম্বৰৰ দুৰ্গা পূজাৰ দিনা ঘৰ ঘূৰাই আনি,ঘৰতে সেৱা দিছিলোঁ। মই নিজে অন্ধবিশ্বাস কেতিয়াও নামাণো, তথাপিও মৰমৰ দেউতাৰ জীৱনৰ আশাত, আমাৰ ঘৰে প্ৰায় সকলো বেজ বেজাৰ-আয়ুৰ্বেদিক (অসমত যিমান শুনিছিলোঁ) লগাইছিলো ।কিবা এটা চমৎকাৰ (Miracle) হোৱাৰ আশাত জীৱন সংগ্ৰাম চলি আছিল, কিন্তু কিযে নিষ্ঠুৰ এই জীৱন, যোৱা 2 জানুৱাৰী 2018 তাৰিখে আমাৰ দেউতাই আমাক সকলোকে এৰি থৈ  অজান দেশলৈ গুচি গল। 

যোৱা 6 মাহ সময়ত আমাৰ আচাৰ্য পৰিবাৰ, দিহিং মুখ মামা ঘৰ(শিবসাগৰ)লগতে সকলো ওচৰ সম্ভদীয় লোকে কিমান মানসিক হেঁচাত জীৱন যাপান কৰিবলগীয়া হৈছিল, সেই কথা ভুক্ত ভুগিয়ে অনুভব কৰিব পাৰে । তেনে জীৱনৰ কষ্টদায়ক সময়ত সকলো লোকৰ মৰম আৰু সান্তনাৰ লগতে কেইদিন মান আগত পঢ়া "Man Search for Meaning By Viktor Frankl (Hope from Holocaust)" কিতাপ খনিও জীৱন যুদ্ধত জীয়াই থকাৰ অনুপ্ৰেৰনা দিছিল।এই অতি দুখৰ সময়ত জুবীন দাৰ "যদি  জীৱনৰ ৰং বোৰে" গানটিয়ে জীৱন সংগ্ৰামত তিষ্ঠি থকাৰ সাহস দিছিল। 


Video Credit Youtube : Mondeep Bora 

Whatever the situation or condition in our life, we have to survive. আজিও সম্পুৰ্ণ মানসিক বেদনাৰ পৰা মুক্ত হব পৰা নাই...নাজানো আৰু কিমান কি পৰিঘটনা জীৱন বাটত পাওঁ...তথাপিও জুবীন দাৰ এই গানটো প্রায় শুনোঁ.......দুখৰ হৃদয়ত কিবা এটা জীয়াই  থকাৰ ৰেঙনী দিয়ে।

যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে,
যদি আশাৰ চাকিটি উমি উমি জ্বলে,
তথাপিও বন্ধু আগুৱাই যাবা (2),
পিছলৈ ঘূৰি নাচাবা (2)।
.........................
যদি জোন বেলি তৰাইও মুখ ঢাকে,
যদি মুক্ত আকাশৰ ৰদেও নাহাঁহে,
তথাপিও বন্ধু মনোবল ৰাখিবা (2)
শেষত সকলো পাবা (2)..⏭️

যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে.......

নানা ৰং ভৰা আমাৰেই জীৱন,
সুখ দুখ কৰোঁ আলিংগন ..
নানা ৰং ভৰা আমাৰেই জীৱন,
সুখ দুখ কৰোঁ আলিংগন ..
মৰিচিকা খেদি হাহাকাৰ কৰোঁ আমি (2),
এই মৰুভূতা জীৱন (2)।

জীৱন পথত আছে ঘাত প্ৰতিঘাত,
নিশাৰ শেষত আছে প্ৰভাত...
জীৱন পথত আছে ঘাত প্ৰতিঘাত,
নিশাৰ শেষত আছে প্ৰভাত,
জীৱন নাটৰ শেষত সকলো পোৱাৰ পাছত (2),
শান্তি লবা সিপাৰত..
শান্তি লবা সিপাৰত....
শান্তি লবা সিপাৰত..
শান্তি লবা সিপাৰত.....

যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে,
যদি আশাৰ চাকিটি উমি উমি জ্বলে,
তথাপিও বন্ধু আগুৱাই যাবা (2),
পিছলৈ ঘূৰি নাচাবা..........😰

অতি দুখমনে
কল্যান আচাৰ্য্য
জয়পুৰ, ৰাজস্থান




No comments:

Post a Comment